টেৰ’ সাপ্তাহিক ৰাশিফল (16 ফেব্ৰুৱাৰী- 22 ফেব্ৰুৱাৰী, 2025)
পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।

টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।
আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।
টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।
টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।
তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 16ফেব্ৰুৱাৰীৰপৰা 22 ফেব্ৰুৱাৰী, 2025পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ?
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য
টেৰ’সাপ্তাহিক ৰাশিফল 16 ৰপৰা 22 ফেব্ৰুৱাৰী, 2025: ৰাশি অনুসৰি ৰাশিফল
মেষ ৰাশি
প্ৰেম জীৱন: দ্য হীৰ’ফেণ্ট
আৰ্থিক জীৱন: এট্ অৱ স্বৰডচ্
কেৰিয়াৰ: টু অৱ ৱেণ্ডচ্
স্বাস্থ্য: পে’জ অৱ কপচ্
প্ৰেম জীৱনত দ্য হীৰ’ফেণ্ট আপৰাইট কাৰ্ডখনে এয়া অৱগত কৰে যে ধৰ্মই ৰোমাণ্টিক সম্পৰ্ক আৰু জীৱনসঙ্গী বাছনি কৰাত প্ৰভাৱ পেলাব পাৰে। প্ৰেম জীৱনত এই কাৰ্ডখনে আধ্যত্মিক দিশকো সূচিত কৰে আৰু ই মনত পেলাব পাৰে যে আমি নিজৰ জীৱনসঙ্গীৰ সৈতে সন্মান আৰু নৈতিকতাৰ সৈতে আচৰণ কৰা উচিত। কেতিয়াবা কেতিয়াবা এই কাৰ্ডখনে বিবাহৰো সংকেত দিয়ে।
আৰ্থিক জীৱনত দেখা যায় মেষ ৰাশিৰ জাতকসকলে এট্ অৱ স্ৱৰডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি প্ৰকাশ কৰে যে আপুনি বৰ্তমানৰ নিজৰ স্থিতিত সমস্যাক্ৰান্ত বা সংকট অনুভৱ কৰিছে কিন্তু আপোনাক জনাওঁ যে প্ৰকৃততে এনেকুৱা নহয় আৰু আপুনি নিজৰ চিন্তাৰ বাবেহে এনে অনুভৱ কৰিছে। যদিহে আপুনি নিজৰ উপাৰ্জন বৃদ্ধি কৰিব বিচাৰে তেনেহ’লে আপুনি সৃষ্টিশী বা কিবা বেলেগ চিন্তা কৰিব লাগিব।
কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে যে টু অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে এই সময়খিনিত আপুনি নিজৰ দীৰ্ঘকালীন বৃত্তিগত লক্ষ্যৰ বিষয়ে চিন্তা কৰিব লাগিব আৰু সেইবোৰ প্ৰাপ্ত কৰিবৰ বাবে প্ৰস্তুতি কৰিব লাগিব। এই কাৰ্ডখনে এয়াও কয় যে আপুনি এনে কোনো বিপদাশংকাযুক্ত আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যে যি আপোনাক বিত্তীয় সুৰক্ষা আৰু কেৰিয়াৰত উন্নতি প্ৰদান কৰিব।
এই কাৰ্ডখনে এয়াও কয় যে আপুনি এনে কোনো থেৰাপী বা চিকিৎসাৰ বিষয়ে জানিব পাৰিব যে যি আপোনাক সম্পূৰ্ণৰূপে ভাল অনুভৱ কৰাত সহায় কৰিব।
কম্পেটিবল ৰাশি: মিথুন
বৃষ ৰাশি
প্ৰেম জীৱন: এচ অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: নাইন অৱ ৱেণ্ডচ্
কেৰিয়াৰ: টেন অৱ কপচ্
স্বাস্থ্য: থ্ৰী অৱ স্ৱৰডচ্
প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাজতকসকলে প্ৰাপ্ত কৰিছে এচ অৱ ৱেণ্ডচ্ আপৰাইট কাৰ্ড যি সম্পৰ্কত এক নতুন আৰম্ভণিৰ সংকেত দিয়ে। আপোনাৰ বাবে এয়া এক ৰোমাঞ্চকৰ সময় হ’ব পাৰে যেনে আপোনাৰ আঙুঠি বিন্ধোৱা বা বিবাহ হ’ব পাৰে অথবা আপুনি পৰিয়াল আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। এই কাৰ্ডখনে চিংগল ব্যক্তিসকলক পদক্ষেপ গ্ৰহণ কৰি কোনো এনে ব্যক্তিৰ সৈতে কথা পাতিবৰ বাবে প্ৰেৰিত কৰিব পাৰে যাৰ প্ৰতি তেওঁলোকৰ মন আছে।
নাইন অৱ ৱেণ্ডচ্ কাৰ্ডখনে আৰ্থিক জীৱনত সমস্যাৰ সংকেত দিয়ে। অৱশ্যে, আপুনি কোনো আৰ্থিক সংকটৰ সম্মুখীন নহ’বও পাৰে কিন্তু কোনো ধৰণৰ চাপত থাকিব পাৰে। আপুনি নিজৰ সঞ্চয়ৰপৰা ধন উলিয়াবলগীয়া হ’ব পাৰে বা এনে কোনো অন্য উৎস যেনে ঋণ বা ধাৰ লৈ পইচা গোট খুওৱাৰ কথা ভাবিব পাৰে। আপুনি নিজৰ সঞ্চয় ভঙাৰ সলনি বা কোনো ধৰণে নিজৰ আৰ্থিক স্থিতিক সংকটৰ সম্মুখীন নকৰাকৈ নতুন উৎস গঢ়ি তোলাৰ কথা চিন্তা কৰা উচিত।
আপুনি এই সপ্তাহত বিকাশৰ বাবে কেইবাটাও সুযোগ লাভ কৰিব সেয়েহে আপুনি নিজৰ কেৰিয়াৰক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ কাৰ্য্যালয়ৰ পৰিৱেশ সহযোগিতাপূৰ্ণ আৰু উৎসাহজনক যেন অনুভৱ কৰিব আৰু আপুনি তথা আপোনাৰ সহকৰ্মীসকল পৰস্পৰক লৈ সুখী হৈ থাকিব। এই সময়ছোৱাত আপুনি নিজৰ ব্যক্তিগত জীৱন আৰু কামৰ মাজত সন্তুলন ৰক্ষা কৰিব পাৰিব আৰু লগতে আপুনি নিজৰ পৰিয়ালৰ সৈতেও ভাল সময় কটোৱাৰ সুযোগ লাভ কৰিব।
থ্ৰী অৱ স্ৱৰডচ্ কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ৰোগ, অস্ত্ৰোপচাৰ বা আৱেগিক উত্থান-পতনৰ সংকেত দিয়ে। ইয়াৰ প্ৰভাৱ আপোনাৰ শাৰীৰিক স্বাস্থ্য়ৰ ওপৰত পৰিব। ইয়াৰ উপৰিও এই কাৰ্ডখনে আপোনাক সেই কথাক লৈও সাৱধান কৰি দিয়ে যাৰ প্ৰতি আপুনি অজ্ঞাত বা যাক স্বীকাৰ কৰিবলৈ আপুনি ভয় কৰিছে।
কম্পেটিবল ৰাশি: তুলা
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মিথুন ৰাশি
প্ৰেম জীৱন: দ্য হীৰ’ফেণ্ট
আৰ্থিক জীৱন: পে’জ অৱ কপচ্
কেৰিয়াৰ: হুইল অৱ ফৰচ্য়ুন
স্বাস্থ্য: পে’জ অৱ স্ৱৰডচ্
প্ৰেম জীৱনত মিথুন ৰাশি ৰ জাতকসকলে প্ৰাপ্ত কৰা দ্য হীৰ’ফেণ্ট কাৰ্ডখনে সংকেত প্ৰদান কৰিছে যে আপোনাৰ সঙ্গীয়ে আপোনাৰ ধৰ্মীয় মান্যতাৰ ওপৰত বিশ্বাস কৰিব। তেওঁ এক স্থিৰ আৰু দীৰ্ঘকালীন সম্পৰ্কৰ সন্ধানত থাকিব পাৰে। এই কাৰ্ডখনে সম্পৰ্কৰ প্ৰতি শক্তিশালী দায়ৱদ্ধতা, সম্পৰ্কত স্থিৰতাৰ আকাংক্ষা, দুয়োগৰাকী সঙ্গীৰ একে ধৰণৰ মূল্যবোধ আৰু বিবাহৰ বন্ধন বা নিজৰ বৰ্তমানৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তোলা আদিক সূচিত কৰে।
টেৰ’ কাৰ্ডত পে’জ অৱ কপচ্ কাৰ্ডখনে আৰ্থিক স্থৰত শুভ সংবাদৰ সংকেত দিয়ে কিন্তু যিকোনো ধৰণৰ বিত্তীয় সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে সাৱধানতা অৱলম্বন কৰাটো ভাল হ’ব আৰু ভালদৰে পৰীক্ষা-নীৰিক্ষা কৰক। পে’জ অৱ কপচ্ কাৰ্ডখনে কয় যে সাৱধানীপূৰ্বক আঁচনি প্ৰস্তুত কৰি চলিলে আৰু পৰিপক্কভাৱে সিদ্ধান্ত ল’লে আপুনি আৰ্থিক স্তৰত অনুকূল ফলাফল প্ৰাপ্ত কৰিব।
বৃত্তিগত জীৱনত হুইল অৱ ফৰচ্যুন কাৰ্ডখনে নতুন সুযোগৰ সংকেত দিয়ে। হুইল অৱ ফৰচ্য়ুন কাৰ্ডখনে এয়াও দৰ্শায় যে সম্পূৰ্ণ পৃথিৱীয়ে আপোনাক নতুন কেৰিয়াৰ বাছনি কৰিবৰ বাবে বা নিজৰ ব্যৱসায় আৰম্ভ কৰিবৰ বাবে অনুপ্ৰাণিত কৰিব।
স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পে’জ অৱ স্ৱৰডচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে এই সপ্তাহত আপোনাৰ স্বাস্থ্য অনুকূল স্থিতিত থাকিব। এই কাৰ্ডখনে মানসিক স্পষ্টতা আৰু উপচাৰৰ প্ৰতিও সংকেত দিয়ে। ইয়াৰ অৰ্থ এয়াও হ’ব পাৰে যে আপুনি যি মানসিক বাধা বা সমস্যাৰ সম্মুখীন হৈ আছে সেয়া অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।
কম্পেটিবল ৰাশি: মেষ
কৰ্কট ৰাশি
প্ৰেম জীৱন: দ্য মেজিচিয়ান
আৰ্থিক জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্
কেৰিয়াৰ: টেন অৱ কপচ্
স্বাস্থ্য: নাইন অৱ ৱেণ্ডচ্
কৰ্কট ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত দ্য মেজিচিয়ান কাৰ্ড লাভ কৰিছে যি আপোনাক নিজৰ প্ৰেমৰ ভাৱনা ব্যক্ত কৰিবৰ বাবে পৰামৰ্শ দিছে। প্ৰেমৰ ক্ষেত্ৰত সাহস, জেদ আৰু সপোনক বাস্তৱত ৰূপায়ণ কৰাৰদ্বাৰাহে সফলতা লাভ কৰিব পৰা যায়। যাক আপুনি বিচাৰে বা পছন্দ কৰে তেওঁক লাভ কৰিবলৈ চেষ্টা কৰক। এই কাৰ্ডখন হৈছে প্ৰতিভা আৰু সমস্যা সমাধান কৰাৰ কৌশলৰ প্ৰতীক কিন্তু তথাপিও আপুনি এই কথাৰ প্ৰতি মনোযোগ ৰাখিব লাগিব যে আপোনাৰ সম্পৰ্কত যাতে ভ্ৰমৰ স্থিতি উৎপন্ন নহয়। এই কাৰ্ডখনে চিংগল আৰু কাপল্ দুয়োকে নতুন বস্তু আঁকোৱালি ল’বৰ বাবে অনুপ্ৰাণিত কৰে আৰু কৌতুহল উৎপন্ন কৰে।
টেৰ’ ৰাশিফলত কৰ্কট ৰাশিৰ জাতকসকলে আপৰাইট ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি স্থিৰতা আৰু আৰ্থিক শক্তিৰ সংকেত দিয়ে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি ধন সঞ্চয় কৰাৰ প্ৰয়াস কৰি আছে। আপুনি ঘৰ বা গাড়ীৰ দৰে কোনো ডাঙৰ বস্তু ক্ৰয় কৰিবৰ বাবে ধন সঞ্চয় কৰিব পাৰে অথবা এই ধন নিজৰ ৰিটায়াৰমেণ্টৰ বাবে ৰাখিব পাৰে।
সাধাৰণভাৱে টেন অৱ কপচ্ কাৰ্ডখনৰ সম্পৰ্ক কামৰ সলনি পৰিয়ালৰ সৈতে থাকে কিন্তু এই কাৰ্ডখনে আপোনাৰ কেৰিয়াৰত উন্নতিৰ সংকেত দিয়ে। এই কাৰ্ড অনুসৰি আপুনি নিজৰ বৰ্তমানৰ ভূমিকা বা পদক লৈ সুৰক্ষিত বা স্বীকৃত অনুভৱ কৰিব। আপুনি নিজৰ বৃত্তিগত জীৱনৰ এই দিশবোৰক লৈ চিন্তাৰ কৰাৰ প্ৰয়োজন নাই কাৰণ আপুনি উন্নতিৰ বহুতো সুযোগ লাভ কৰিব। আপুনি নিজৰ কাৰ্য্যালয়ৰ পৰিৱেশ সহযোগিতাপূৰ্ণ আৰু উৎসাহজনক অনুভৱ কৰিব আৰু আপুনি তথা সহকৰ্মীসকল পৰস্পৰৰ সৈতে সুখী হৈ থাকিব।
স্বাস্থ্যৰ ক্ষেত্ৰত নাইন অৱ ৱেণ্ডচ্ কাৰ্ডখনে আপোনাক কিছু বিশ্ৰাম ল’বলৈ পৰামৰ্শ প্ৰদান কৰিছে, যাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি নহয়। আপুনি শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত হৈছে সেয়েহে আপুনি কিছু আৰাম কৰা উচিত।
কম্পেটিবল ৰাশি: বৃশ্চিক
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
সিংহ ৰাশি
প্ৰেম জীৱন: এচ অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: ফাইৱ অৱ পেণ্টাকলচ্ (ৰিভাৰ্চড্)
কেৰিয়াৰ: এচ অৱ পেণ্টাকলচ্
স্বাস্থ্য: দ্য মুন (ৰিভাৰ্চড্)
সিংহ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত এচ অৱ ৱেণ্ডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি সম্পৰ্কত এক নতুন আৰম্ভণিৰ সংকেত দিয়ে। আপোনাৰ বাবে এই সময়খিনি এক ৰোমাঞ্কৰ সময় হ’ব পাৰে যেনে আপোনাৰ আঙঠি পিন্ধোৱা বা বিবাহ হ’ব পাৰে বা পৰিয়াল আৰম্ভ কৰাৰ কথা ভাবিব পাৰে।এই কাৰ্ডখনে চিংগল ব্যক্তিসকলক পদক্ষেপ গ্ৰহণ কৰি কোনো এনে ব্যক্তিৰ সৈতে কথা পাতিবৰ বাবে প্ৰেৰিত কৰিব পাৰে যাৰ প্ৰতি তেওঁলোকৰ মন আছে।
ফাইৱ অৱ পেণ্টাকলচ্ কাৰ্ড ৰিভাৰ্চড্ অহাটোৱে প্ৰায়েই এই সংকেত দিয়ে যে ব্যক্তিৰ স্থিতি বা দৃষ্টিকোণৰ পৰিৱৰ্তন হৈছে। এই কাৰ্ডখনে আৰ্থিক সমস্যাৰপৰা পৰিত্ৰাণ লাভ কৰা, স্বাস্থ্য ভাল হোৱাৰ বা ভাল হোৱাৰ বাবে আশা ৰখাৰ সংকেত দিয়ে।
টেৰ’ ৰাশিফল অনুসৰি এচ অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে এই সপ্তাহত আপুনি নিজৰ বৃত্তিগত জীৱনৰ উন্নতি কৰিবৰ বাবে আৰু অভিজ্ঞতা লাভ কৰিবৰ বাবে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি প্ৰমোশ্যন বা চাকৰি লাভ কৰিব পাৰে অথবা আপুনি নিজৰ কোম্পানী আৰম্ভ কৰিব পাৰে।
দ্য ৰিভাৰ্চড্ মুন কাৰ্ডখনে মানসিক স্বাস্থ্যৰ সৈতে সম্পৰ্কিত সমস্যা হ্ৰাস হোৱাৰ আৰু চিকিৎসা সম্পৰ্কীয় সমস্যাৰপৰা পৰিত্ৰাণ লাভ কৰাৰ সংকেত দিছে। এই কাৰ্ড অনুসৰি আপুনি এনে এক সময়ৰ মাজেৰে যাব পাৰে য’ত আপুনি প্ৰৱঞ্চণা, ভ্ৰম আৰু চাপৰ চিকাৰ হৈছে।
কম্পেটিবল ৰাশি: ধনু
কন্যা ৰাশি
প্ৰেম জীৱন: দ্য চান
আৰ্থিক জীৱন: দ্য লাভাৰ্চ
কেৰিয়াৰ: কিং অৱ ৱেণ্ডচ্
স্বাস্থ্য: টু অৱ ৱেণ্ডচ্
দ্য চান কাৰ্ডখনে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত কয় যে আপুনি এই সপ্তাহত নিজৰ সম্পৰ্কত সুখ আৰু প্ৰেম অনুভৱ কৰিব। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে এই কাৰ্ডখনৰ মতে সকলোবোৰ ঠিকেই চলি আছে আৰু আপোনালোক দুয়োৱে পৰস্পৰৰ প্ৰতি অধিক ষ্পষ্ট আৰু সৎ হৈ থাকিব।
দ্য লাভাৰ্চ কাৰ্ডখনে ধনৰ সৈতে জড়িত সিদ্ধান্তৰ সংকেত দিয়ে। আপুনি দুটা ডাঙৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত যিকোনো এটা বাছনি কৰিবলগীয়া হ’ব পাৰে কাৰণ দুয়োটা চম্ভালাটো আপোনাৰ বাবে জটিল হ’ব পাৰে। আপোনাৰ সিদ্ধান্তৰ বাবে আপোনাৰ আৰ্থিক স্থিতি দীৰ্ঘ সময় ধৰি প্ৰভাৱিত হ’ব পাৰে। আপুনি নিজৰ কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ সৈতে মিলি বা অংশীদাৰিত্বত কাম কৰিব পাৰে।
কিং অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে নিজৰ কৰ্মক্ষেত্ৰত উৎকৃষ্টতা লাভ কৰিবৰ বাবে আপোনাৰ ভিতৰত প্ৰেৰণা আৰু নেতৃত্ব দিয়াৰ গুণ উপস্থিত আছে। এই কাৰ্ডখনৰ এয়াও অৰ্থ হ’ব পাৰে যে আপুনি নিজৰ ধন পৰিচালনা কৰিবলৈ আৰু পৰিপক্কভাৱে আৰ্থিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।
আপুনি এনেবোৰ বেয়া অভ্যাসৰপৰা দূৰত থকা উচিত যিবোৰে আপোনাৰ শাৰীৰিক আৰু আৱেগিক স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে আৰু পূৰ্বৰেপৰাই থকা ৰোগসমূহৰপৰা পৰিত্ৰাণ লাভ কৰিবৰ বাবে আপুনি নিজৰ জীৱনশৈলীৰ শুধৰণি কৰাৰ প্ৰয়োজন আছে।
কম্পেটিবল ৰাশি: মকৰ
তুলা ৰাশি
প্ৰেম জীৱন: দ্য ষ্টাৰ
আৰ্থিক জীৱন: চেভেন অৱ স্ৱৰডচ্
কেৰিয়াৰ: টেন অৱ ৱেণ্ডচ্
স্বাস্থ্য: কিং অৱ কপচ্
তুলা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত দ্য ষ্টাৰ কাৰ্ডখন লাভ কৰিছে যি সম্পৰ্কৰ এক নতুন আৰম্ভণি, আশা আৰু উপচাৰক সূচিত কৰে। এই কাৰ্ডখনে আপোনাক ইতিবাচক দৃষ্টিভংগী আঁকোৱালি ল’বলৈ, অতীতৰ কষ্টসমূহ পাহৰি যাবলৈ আৰু নিজৰ সঙ্গীৰ সৈতে উজ্বল ভৱিষ্যতৰ বাবে প্ৰস্তুত হ’বলৈ পৰামৰ্শ দিছে। এই সপ্তাহত আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ’ব। যদিহে আপুনি চিংগল তেনেহ’লে আপোনাৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব পাৰে।
চেভেন অৱ স্ৱৰডচ্ কাৰ্ড অনুসৰি আপুনি নিজৰ পৰিস্থিতি চম্ভালিবৰ বাবে বৃত্তিগত ধৰণেৰে কাম কৰাৰ প্ৰয়োজন হ’ব। এই কাৰ্ডখনে কয় যে আপুনি অধিক ষ্পষ্ট আৰু সৎ হোৱা উচিত আৰু কোনো কথাৰ বঢ়াই মেলি কথা বৰ্ণনা কৰা বা মিছা প্ৰতিশ্ৰুতি দিয়াৰ দৰে প্ৰৱঞ্চণামূলক কামৰপৰা আতৰি থকা উচিত।
আপৰাইট টেন অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে আপোনাৰ ওপৰত কামৰ বোজা যথেষ্ট বাঢ়ি যাব পাৰে আৰু আপুনি নিজৰ কেৰিয়াৰত যথেষ্ট জটিলতাৰ সম্মুখীন হৈছে। এই কাৰ্ডখনক সাধাৰণভাৱে অত্যাধিক কাম কৰাৰ আৰু ব্যক্তিগত তথা বৃত্তিগত জীৱনৰ মাজত অসন্তুলনৰ সংকেত হিচাপে গণ্য কৰা হয়।
কিং অৱ কপচ্ কাৰ্ডখনে কয় যে আপোনাৰ স্বাস্থ্যৰ স্থিতি ভালে থাকিব কিন্তু আপুনি জ্বৰ, ফ্লু, পানীৰপৰা হ’ব পৰা ৰোগ আদিৰপৰা বাচি থাকিবৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত। সেয়েহে এই সময়খিনিত আপোনাৰ বাবে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী হ’ব।
কম্পেটিবল ৰাশি: কুম্ভ
বৃশ্চিক ৰাশি
প্ৰেম জীৱন: পে’জ অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: দ্য় টাৱাৰ
কেৰিয়াৰ: নাইন অৱ কপচ্
স্বাস্থ্য: ফ’ৰ অৱ কপচ্
প্ৰেম জীৱনত আপুনি পে’জ অৱ ৱেণ্ডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি ৰোমাঞ্চৰ আৰম্ভণিৰ সংকেত দিয়ে। এই সপ্তাহত আপোনাৰ ওচৰলৈ নতুন নতুন সুযোগ আহিব পাৰে। আপুনি নতুন মানুহ লগ পাব আৰু আপুনি যদিহে সম্পৰ্কত আছে তেনেহ’লে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব।
দ্য টাৱাৰ কাৰ্ডখনে আৰ্থিক সংকট যেনে চাকৰি যোৱা, ষ্টক মাৰ্কেট খহি পৰা বা কোনো প্ৰাকৃতিক বিপত্তিৰ সংকেত প্ৰদান কৰে। আপুনি নিজৰ কোনো সিদ্ধান্তৰ বাবে ডাঙৰ লোকচানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।
নাইন অৱ কপচ্ কাৰ্ডখন আপৰাইট হোৱাটোৱেবৃত্তিগত জীৱনত সফলতা, সন্মান, আৰু অভিজ্ঞতা লাভ কৰাৰ সংকেত দিয়ে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণৰ ফল লাব কৰিব আৰু আপুনি তাৰ আনন্দ উপভোগ কৰিব পাৰিব।
ফ’ৰ অৱ কপচ কাৰ্ডখনে সূচিত কৰে যে জাতকসকলে স্বাস্থ্যজনিত সমস্যাৰ বাবে আৱেগিক ক্লান্তি আৰু নিৰাশা অনুভৱ কৰিব পাৰে। এই কাৰ্ডখনে সেই ভাৱনাসমূহক প্ৰতিনিধিত্ব কৰে যিবোৰৰ বিষয়ে আপুনি নিজেই অজ্ঞাত বা যিবোৰৰ বিষয়ে আপুনি নিজে একোৱেই নাজানে।
কম্পেটিবল ৰাশি: মীন
ধনু ৰাশি
প্ৰেম জীৱন: চেভেন অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: ফ’ৰ অৱ স্ৱৰডচ্
কেৰিয়াৰ: পে’জ অৱ পেণ্টাকলচ্
স্বাস্থ্য: এট অৱ পেণ্টাকলচ্
ধনু ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত চেভেন অৱ পেণ্টাকলচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যিখনে অৱগত কৰে যে আপোনাৰ আংশীদাৰিত্ব সঠিক দিশত আগবাঢ়ি গৈ আছে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি এনে এক সম্পৰ্ক বিকশিত কৰিবৰ বাবে নিজৰ সময় আৰু শক্তি দিবলৈ প্ৰস্তুত হোৱা উচিত, যি দীৰ্ঘ সময় ধৰি চলিব আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰিব।
ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে আপুনি কিছু সময়ৰপৰা আৰ্থিক হেঁচাৰ সম্মুখীন হৈ আছে আৰু এই হেঁচাৰ বাবে এতিয়া আপুনি শুধৰণিৰ কোনো আশা দেখা পোৱা নাই।
কেৰিয়াৰৰ ক্ষেত্ৰত পে’জ অৱ পেণ্টাকলচ্কাৰ্ডখন হৈছে এক ইতিবাচক সংকেত। এই কাৰ্ডখন সফলতা লাভ কৰিবৰ বাবে লক্ষ্য নিৰ্দ্ধাৰিত কৰাৰ আৰু কেৰিয়াৰৰপৰা আপুনি কি বিচাৰে সেয়া জনাৰ আৰু সেই দিশত খোজ আগবঢ়োৱাৰ প্ৰতীক।
এট অৱ পেণ্টাকলচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে এই সময়খিনিত আপুনি নিজৰ স্বাস্থ্যৰ সংশোধন কৰিবৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হৈ থকাৰ আৰু অত্যাধিক প্ৰয়াস কৰাৰ প্ৰয়োজন আছে। আপোনাক নিজৰ আহাৰ আৰু শাৰীৰিক কচৰতক লৈ সতৰ্ক হোৱাৰ পৰামৰ্শ দিয়া হৈছে।
কম্পেটিবল ৰাশি: সিংহ
মকৰ ৰাশি
প্ৰেম জীৱন: দ্য এম্প্ৰেছ
আৰ্থিক জীৱন: চেভেন অৱ স্ৱৰডচ্
কেৰিয়াৰ: পে’জ অৱ ৱেণ্ডচ্
স্বাস্থ্য: নাইট অৱ পেণ্টাকলচ্
মকৰ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰিছে দ্য এম্প্ৰেছ কাৰ্ডখন আৰু এই কাৰ্ডখনে সম্পৰ্কত এক নতুন আৰম্ভণিক সূচিত কৰে। সাধাৰণ ভাষাত ক’বলৈ গ’লে ক’ব পাৰি যে আপোনাৰ আঙঠি পিন্ধোৱা হ’ব পাৰে বা আপুনি নতুন ঘৰ ল’ব পাৰে অথবা একেলগে নতুন ঠাইত থাকিবলৈ ল’ব পাৰে। আপুনি সঙ্গীৰ সৈতে বন্ধৰ সময় কটাবলৈও ক’ৰবালৈ যাব পাৰে অথবা আপোনাৰ ঘৰত সন্তানৰ জন্ম হ’ব পাৰে। এই কাৰ্ডখনে গৰ্ভাৱস্থা আৰু গৰ্ভধাৰণকো প্ৰতিনিধিত্ব কৰে, সেয়েহে যদিহে আপুনি পৰিয়াল আগবঢ়োৱাৰ কথা ভাবিছে তেনেহ’লে এই সময়খিনিক তাৰ বাবে শুভ বুলি ক’ব পৰা যাব।
চেভেন অৱ স্ৱৰডচ্ কাৰ্ডখনে ধনৰ সৈতে জড়িত লেন-দেনক লৈ হ’বলগীয়া প্ৰৱঞ্চণাৰ প্ৰতি সতৰ্ক কৰি দিয়ে। এনে অৱস্থাত, আপুনি ছল-কৌশল, বিশ্বাসঘাটকতা আৰু চুৰি আদিৰপৰা সাৱধান হৈ থকা উচিত। লগতে, এই কাৰ্ডখনে আপোনাক ধনক লৈ যিকোনো ধৰণৰ বিপদাশংকা লোৱাৰপৰা দূৰত থাকিবলৈ পৰামৰ্শ দিছে সেয়েহে আপুনি এইখিনি সময়ত বিনিয়োগ কৰাটো বা যিকোনো ধৰণৰ চুক্তি কৰাটো পৰিহাৰ কৰা উচিত হ’ব। কিন্তু, যদিহে আপুনি কাৰোবাৰ সৈতে বেয়া কৰে বা অন্যায় কৰে, তেনেহ’লে আপুনি মনত ৰাখিব লাগিব যে কৰ্ম সদায় মানুহে ঘবৰাই পায়।
কেৰিয়াৰৰ ক্ষেত্ৰত ক’ব পৰা যায় যে, পে’জ অৱ ৱেণ্ডচ্ কাৰ্ডখনে এই লোকসকলক জীৱনত লাভ কৰা ন ন অভিজ্ঞতা আৰু সুযোগক স্ৱাগতম জনাবলৈ পৰামৰ্শ দিছে। লগতে, আপুনি নিজে বাছনি কৰা কেৰিয়াৰত সাহস আৰু কৌতুহলেৰে সৈতে আগবাঢ়িব লাগিব। এই সময়খিনিত আপুনি আত্মবিশ্বাস আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু এনে পৰিস্থিতিত আপুনি লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব। যিসকল জাতকে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকক এই দিশত খোজ দিশৰ বাবে উদ্যমী হোৱা দেখা যাব।
নাইট অৱ পেণ্টাকলচ্ কাৰ্ডখনে ভৱিষ্যতবাণী কৰে যে এই সপ্তাহত আপোনাৰ স্বাস্থ্য উত্তম হৈ থাকিব আৰু ইয়াৰ ফলস্বৰূপে আপুনি ভাল স্বাস্থ্যৰ আনন্দ উপভোগ কৰিব পাৰিব। যদিহে আপুনি কোনো স্বাস্থ্যজনিত সমস্যাত ভূগি আছে তেনেহ’লে এতিয়া আপুনি তাৰ উপচাৰ কৰিব পাৰে।
কম্পেটিবল ৰাশি: বৃষ
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
কুম্ভ ৰাশি
প্ৰেম জীৱন: টু অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: কিং অৱ পেণ্টাকলচ্
কেৰিয়াৰ: নাইট অৱ ৱেণ্ডচ্
স্বাস্থ্য: কুইন অৱ ৱেণ্ডচ্
টু অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে এই সপ্তাহত আপোনাৰ সম্পৰ্কলৈ এক গুৰুত্বপূৰ্ণ গতি আহিব পাৰে। এই কাৰ্ডখনে সংকেত প্ৰদান কৰিছে যে আপুনি নিজৰ সঙ্গী আৰু নিজৰ ইচ্ছাৰ মাজত সন্তুলন ৰক্ষা কৰাত সংঘৰ্ষ কৰিবলগীয়া হ’ব পাৰে অথবা সেই দুটা বিকল্পৰ মাজত ফঁচি থাকিব পাৰে যেনে সম্পৰ্কত থাকিব লাগে নে তাৰপৰা ওলাই আহিব লাগে।
আৰ্থিক স্তৰত কিং অৱ পেণ্টাকলচ্ কাৰ্ডখনে কোনো ডাঙৰ অভিজ্ঞতা লাভ কৰাৰ সংকেত প্ৰদান কৰে। এই কাৰ্ডখনে কয় যে আপুনি সাৱধানতা আৰু বিবেচিতভাৱে কৰা বিনিয়োগ তথা সঞ্চয়ৰ জৰিয়তে আৰ্থিক ৰূপত সুৰক্ষিত হৈ থাকিব পাৰিব। আপুনি নিজৰ প্ৰিয়জনৰ আৰ্থিক সহায় কৰিব পাৰে। ইয়াৰ লগতে আপুনি সেইবোৰ সুখ-সুবিধাৰ আনন্দ উপভোগ কৰিব যিবোৰৰ বিষয়ে আপুনি সঞ্চয় কৰাৰ সময়ত জনা নাছিল। আপোনাৰ এই বিলাসিতাৰ অধিকাৰ আছে।
আৰ্থিক আৰু বৃত্তিগত বিষয়ত নাইট অৱ ৱেণ্ডচ্ কাৰ্ডখনে পৰিৱৰ্তন আৰু নতুন সুযোগক দৰ্শায়। এই কাৰ্ডখনে নতুন ব্যৱসায় আৰম্ভ কৰাৰ বা কেৰিয়াৰৰ পৰিৱৰ্তনৰ সংকেত দিয়ে। এই কাৰ্ড অনুুসৰি আপুনি প্ৰত্যাহ্বানৰ সম্মুখীন হ’বৰ বাবে সাজু হৈ থাকিব আৰু উৎসাহ তথা উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব।
স্বাস্থ্যৰ দিশৰপৰা আপুনি কুইন অৱ ৱেণ্ডচ্ আপৰাইট কাৰ্ড প্ৰাপ্ত কৰিছে যি হৈছে উদ্যম আৰু উত্তম স্বাস্থ্যৰ প্ৰতীক। এই কাৰ্ডখনে কয় যে আপুনি আন্তৰিক আৰু বাহ্যিকভাৱে সতেজতা আৰু উদ্যম অনুভৱ কৰিব।
কম্পেটিবল ৰাশি: কন্যা
মীন ৰাশি
প্ৰেম জীৱন: থ্ৰী অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: চিক্স অৱ স্ৱৰডচ্
কেৰিয়াৰ: কিং অৱ স্ৱৱৰ্ডচ্
স্বাস্থ্য: থ্ৰী অৱ পেণ্টাকলচ্
মীন ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনে এক ইতিবাচক সময়ত সূচিত কৰে। ইয়াৰ মতে আপুনি নিজৰ সম্পৰ্কক আগবঢ়াব পাৰিব। এই সময়খিনিত আপুনি নিজৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব, নিজৰ সঙ্গীৰ সৈতে মিলি নতুন নতুন দিশৰ বিষয়ে জানিব আৰু জীৱনসঙ্গীৰ সৈতে নিজৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে সম্পূৰ্ণ আত্মবিশ্বাসেৰে সৈতে খোজ দিব।
আৰ্থিক দিশত চিক্স অৱ স্ৱৰডচ্ কাৰ্ডখনে ইতিবাচক সংকেত প্ৰদান কৰিছে। এই কাৰ্ডখনে কয় যে আপুনি আৰ্থিক সমস্যাৰপৰা মুক্তি লাভ কৰি সকাহ অনুভৱ কৰিব। এই কাৰ্ডখনে বৃত্তিগজ জীৱনত শান্তিপূৰ্ণ সময়ৰ সংকেত দিয়ে, য’ত আপুনি নিজৰ লক্ষ্যক প্ৰাপ্ত কৰিব পাৰিব বা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব পাৰিব।
কিং অৱ .স্ৱৰডচ্ কাৰ্ডখনে কয় যে এইসকল জাতক উচ্চ মূল্যবোধৰ বা সিদ্ধান্তৰ গৰাকী হয়। এই লোকসকল দেখাত কিছু কঠোৰ যেন লাগিব পাৰে, কিন্তু এওঁলোকে নিজৰ কামৰ বলত বৃত্তিগজ জীৱনৰ উদ্দেশ্যসমূহ পূৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে, তেওঁলোক নিজৰ জীৱনৰ প্ৰতি সৎ হৈ থাকিহে ভাল প্ৰদৰ্শন কৰিবলৈ পছন্দ কৰে।
যদিহে আপুনি স্বাস্থ্যৱান বা এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰি আছে তেনেহ’লে থ্ৰী অৱ পেণ্টাকলচ্ কাৰ্ডখনে এক শুভ সংকেত প্ৰদান কৰে। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ সকলোবোৰ প্ৰচেষ্টা আৰু দৃঢ় সংকল্পৰ ফল প্ৰাপ্ত কৰিব আৰু আপুনি লাভাম্বিত হ’ব।
কম্পেটিবল ৰাশি: কৰ্কট
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
ਅਕਸਰ ਪੁੱਛੇ ਜਾਣ ਵਾਲ਼ੇ ਪ੍ਰਸ਼ਨ
1. টেৰ’ ৰে’টিঙৰ লাভ কি?
ই বিশেষকৈ জটিল সময়ত পৰিস্থিতিক বুজিবৰ বাবে পথ প্ৰদৰ্শ কৰে।
2. টেৰ’ৰ বিকাশৰ বাবে কাক শ্ৰেয় দিব পৰা যায়?
ইটালীত টেৰ’ৰ বিকাশ হৈছিল।
3. দ্য ডেভিল কাৰ্ডখনে কি দৰ্শায়?
এই কাৰ্ডখনে গভীৰ নিচা, ইৰ্ষা আদিক সূচিত কৰে।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025