টেৰ’ সাপ্তাহিক ৰাশিফল (02-08 মাৰ্চ, 2025)

পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।

টেৰ' সাপ্তাহিক ৰাশিফল

টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।

আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।

টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।

টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।

তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 02মাৰ্চৰপৰা 08 মাৰ্চ, 2025পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য

টেৰ’সাপ্তাহিক ৰাশিফল 22 ফেব্ৰুৱাৰীৰপৰা 01 মাৰ্চ, 2025: ৰাশি অনুসৰি ৰাশিফল

মেষ ৰাশি

প্ৰেম জীৱন: দ্য মুন

আৰ্থিক জীৱন: থ্ৰী অৱ ৱেণ্ডচ্

কেৰিয়াৰ: দ্য টাৱাৰ

স্বাস্থ্য: টেন অৱ ৱেণ্ডচ্

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিমেষ ৰাশিৰ জাতকসকলৰ বাবে এই সময়খিনি দোমোজা আৰু অস্থিৰতাৰে পৰিপূৰ্ণ হ’ব পাৰে। এই সময়খিনিত আপোনালোকৰ সম্পৰ্কলৈ ব্যৱধান আহিব পাৰে আৰু আপোনাৰ এনে লাগিব পাৰে যেন আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত একো ভাল নহ’ব। অৱশ্যে, যদিহে আপুনি এতিয়াও চেষ্টা কৰে সমস্যাবোৰ সমাধান কৰিবলৈ তেতিয়াও আপুনি ভাঙিবলৈ ধৰা সম্পৰ্কটো বচাব পাৰিব। নিজৰ জীৱনসঙ্গীৰ সৈতে খোলাখুলিকৈ কথা পাতক। চিংগল জাতকসকলে এই সময়খিনিত কোনো সম্পৰ্ক আৰম্ভ কৰাক লৈ দ্বিধা অনুভৱ কৰিব পাৰে।

আপুনি নিজৰ আৰ্থিক স্থিতি ঠিক কৰিবৰ বাবে বা শক্তিশালী কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। এতিয়া আপুনি নিজৰ কষ্টৰদ্বাৰা উপাৰ্জিত ধনেৰে দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা ফুৰা-চকা কৰিব পাৰে। যদিহে আপুনি কিবা শিকাৰ বা ট্ৰিপত যোৱাৰ কথা ভাবিছে কিন্তু পইচা বচাবৰ বাবে আপুনি সেয়া পিছুৱাই আছে তেনেহ’লে এতিয়া টেৰ’ কাৰ্ডে সংকেত দিছে যে নিজৰ সপোন পূৰণ কৰিবৰ বাবে আৰু নিজৰ উচ্চাকাংক্ষাসমূহ পূৰণ কৰিবৰ বাবে এয়াই সঠিক সময়। নিজৰ আৰ্থিক স্থিতি সন্তুলিত কৰক। এতিয়া আপুনি সকলো সুখ-সুবিধাৰ আনন্দ উপভোগ কৰা উচিত।

কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি দ্য টাৱাৰ কাৰ্ড লাভ কৰিছে যাৰ অনুসৰি আপুনি কৰ্মক্ষেত্ৰত সকলো ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰিব। ইয়াত কাৰ্য্যালয়ৰ ৰাজনীতিও থাকিব। এই কাৰ্ডখনে আকস্মিক কোনো পৰিৱৰ্তন বা উত্থান-পতনৰ সংকেত দিয়ে যেনে আপোনাৰ চাকৰি সলনি, কোম্পানীৰ কোনো ডাঙৰ পৰিৱৰ্তন ইত্যাদি। এই কাৰ্ড অনুসৰি কেৰিয়াৰক লৈ আপুনি নিজৰ পুৰণি চিন্তা-ধাৰণা বাদ দিব লাগিব।

স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি টেন অৱ ৱেণ্ডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি কয় যে এই সময়খিনিত মানসিক আৰু শাৰীৰিক ভাৱে আপুনি ক্লান্ত অনুভৱ কৰিব পাৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজকে প্ৰয়োজনতকৈ অধিক হেঁচা দিছে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। আপুনি বিশ্ৰাম কৰাৰ আৰু নিজৰ প্ৰতিপাল কৰাৰ প্ৰয়োজন আছে।

ৰাশি অনুসৰি লাকী প্লাণ্ট: য়ুকা

বৃষ ৰাশি

প্ৰেম জীৱন: ফাইৱ অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: হুইল অৱ ফৰচ্যুন

কেৰিয়াৰ: ফাইৱ অৱ ৱেণ্ডচ্

স্বাস্থ্য: নাইন অৱ স্ৱৰডচ্

প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে ফাইৱ অৱ স্ৱৰডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে। এই কাৰ্ডখনে সমপৰ্কত সমস্যা আৰু বিবাদক সূচিত কৰে। এয়া কথা-বতৰা কম হোৱাৰ বাবে হ’ব পাৰে আৰু ইয়াৰ ফলস্বৰূপে যুক্তি-তৰ্ক বা মনভেদ হ’ব পাৰে। গম্ভীৰ পৰিস্থিতিত এই কাৰ্ডখনে আক্ৰমণাত্মকতা, দুৰ্ব্যৱহাৰ আৰু ভয়-ভাবুকিৰ সংকেতো দিয়ে।

আৰ্থিক দিশৰ ক্ষেত্ৰত আপুনি হুইল অৱ ফৰচ্যুন কাৰ্ড প্ৰাপ্ত কৰিছে যি আৰ্থিক স্থিতিৰ পৰিৱৰ্তনৰ সংকেত দিয়ে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ পইচা পৰিপক্কভাৱে পৰিচালনা কৰা উচিত আৰু অপ্ৰত্যাশিত ব্য়য়ৰ বাবে প্ৰস্তুত হৈ থকা উচিত। ইয়াৰ উপৰিও যদিহে আপুনি আৰ্থিকভাৱে শক্তিশালী হয় তেনেহ’লে আপুনি অধিক পইচা সঞ্চয় কৰা উচিত।

কেৰিয়াৰৰ ক্ষেত্ৰত টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিআপুনি ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ড লাভ কৰিছে যি প্ৰতিযোগিতামূলক ক্ষেত্ৰত যেনে চেল্স, বেংকিং আৰু এথলিটৰ দিশৰ সংকেত দিয়ে। যদিহে আপুনি এই ক্ষেত্ৰবোৰত কাম নকৰে বা আপোনাৰ ক্ষেত্ৰত প্ৰতিযোগিতা নাই তেনেহ’লে আপুনি নিজৰ কেৰিয়াৰত কোনো কোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে। আপুনি বেতন বৃদ্ধি বা পৰদোন্নতিৰ বাবে কোনো ব্যক্তিৰ সৈতে প্ৰতিযোগিতা কৰিবলগীয়া হ’ব পাৰে। বৰ্তমান আপুনি যি মতভেদৰ সম্মুখীন হৈ আছে তাত আপুনি আনৰ অহংকাৰৰ সৈতে যুঁজিবলগীয়া হ’ব পাৰে।

স্বাস্থ্যৰ ক্ষেত্ৰত নাইন অৱ স্ৱৰডচ্ কাৰ্ডখনে চিন্তা, টোপনিৰ সমস্যা, মূৰৰ বিষ আদিৰ সংকেত দিয়ে।

ৰাশি অনুসৰি লাকী প্লাণ্ট: অৰেঞ্জ অৰ্কিড

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মিথুন ৰাশি

প্ৰেম জীৱন: চিক্স অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: কুইন অৱ পেণ্টাকলচ্

কেৰিয়াৰ: টেন অৱ কপচ্

স্বাস্থ্য: ডে’থ

মিথুন ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনৰ বাবে চিক্স অৱ ৱেণ্ডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে। এই কাৰ্ডখনে কয়ে যে আপুনি আৰু আপোনাৰ জীৱনসঙ্গী দুয়ো একেলগে সুখেৰে থাকিব আৰু আপোনালোকে পৰস্পৰৰ সৈতে সুন্দৰ সময় কটাবলৈ সুযোগ পাব। আপুনি নিজৰ সম্পৰ্কক লৈ গৌৰৱ অনুভৱ কৰিব। আপোনালোক দুয়োৱে নিজৰ অভিজ্ঞতাসমূহ পৰস্পৰৰ সম্মুখত অৱগত কৰিব। যদিহে আপুনি চিংগল তেনেহ’লে এই কাৰ্ডখনৰ মতে আপোনাৰ সপোনৰ সঙ্গীৰ এতিয়া আপোনাৰ জীৱনলৈ আগমন ঘটিব। এই ব্যক্তিগৰাকী আত্মবিশ্বাসেৰে পৰিপূৰণ হ’ব, অভিজ্ঞতা আহৰণ কৰিব আৰু আপোনাক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব।

কুইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে আপোনাক সমৃদ্ধি, সম্পন্নতা আৰু ভৌতিক স্থিৰতা প্ৰদান কৰিব। কিছু সময় পৰ্য্যন্ত পৰিশ্ৰম কৰাৰ পিছত আপুনি উপলব্ধি কৰিব যে আপোনাৰ ওচৰত সুখ-সুবিধাৰ সকলোবোৰ বস্তু আছে। এই কাৰ্ডখনে এগৰাকী দায়িত্বশীল ব্যক্তিক সূচিত কৰে যি এই কথা বুজি পায় যে ব্যৱহাৰিক হৈ, পইচাৰ ক্ষেত্ৰত পৰিপক্কতা প্ৰদৰ্শন কৰি আৰু ভাল পছন্দক জীৱনৰ সৰু সৰু সুখবোৰৰ আনন্দ উপভোগ কৰিবৰ বাবে কেনেদৰে যুক্ত কৰিব পৰা যায়। এই কাৰ্ডখনে লাভৰ বাবে মানদণ্ডৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতকসকলে টেন অৱ কপচ্ কাৰ্ড লাভ কৰিছে আৰু ই হৈছে এখন সৌভাগ্যশালী কাৰ্ড। এতিয়া আপুনি এনে এক অৱধিত থাকিব পাৰে য’ত আপুনি নিজৰ প্ৰচেষ্টাসমূহৰ ফল প্ৰাপ্ত কৰিব। ইয়াৰ অৰ্থ হৈছে আপোনাৰ কাম ভালে চলি আছে।

সাধাৰণভাৱে ডে’থ কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনক সূচিত কৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ পুৰণি আৰু ক্ষতিকাৰক অভ্যাসবৰ ত্যাগ কৰি নতুন আৰু স্বাস্থ্যকৰ ৰণনীতি আঁকোৱালি লোৱা উচিত।

ৰাশি অনুসৰি লাকী প্লাণ্ট: ফিল’ডেণ্ড্ৰান

কৰ্কট ৰাশি

প্ৰেম জীৱন: জাষ্টিচ

আৰ্থিক জীৱন: টেন অৱ স্ৱৰডচ্

কেৰিয়াৰ: চিক্স অৱ কপচ্

স্বাস্থ্য: টু অৱ পেণ্টাকলচ

কৰ্কট ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰিছে জাষ্টিচ কাৰ্ড যি সম্পৰ্কত সৎ হৈ থকাৰ, নিৰপেক্ষ হৈ থকাৰ আৰু সন্তুলিত ব্যৱহাৰক সূচিত কৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ সঙ্গীৰ সৈতে তেনে আচৰণ কৰা উচিত যিটো আপুনি নিজেও তেওঁৰপৰা আশা কৰে। এই কাৰ্ডখনৰ অৰ্থ হৈছে যে আপোনাৰ পুৰণি ব্যৱহাৰৰ প্ৰভাৱ আপোনাৰ বৰ্তমানৰ সম্পৰ্কৰ ওপৰত পৰিব যি ইতিবাচক বা নেতিবাচক হ’ব পাৰে। সো এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি নিজৰ সঙ্গীৰ প্ৰতি কেনে ব্যৱহাৰ কৰে।

আৰ্থিক দিশত আপুনি টেন অৱ স্ৱৰ্ডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি নতুন আৰম্ভণিক স্বীকাৰ কৰাক লৈ দ্বিধাবোধক সূচিত কৰে। এই কাৰ্ডখনে সংকেত দিয়ে যে আপোনাৰ কাম কৰাৰ পূৰণি পদ্ধতি প্ৰভাৱশালী নহ’ব পাৰে, কিন্তু তৎস্বত্বেও সেইটোক এৰিবলৈ আপুনি প্ৰস্তুত হ’ব পৰা নাই আৰু প্ৰয়োজনীয় আৰ্থিক পৰিৱৰ্তনবোৰ কৰাৰপৰা বাছি আছে। এই কাৰ্ডখনে এয়াও সূচিত কৰে যে আপুনি স্পষ্ট সংকেত লাভ কৰাৰ পিছতো নিজৰ বিত্তীয় স্থিতিৰ পৰিৱৰ্তন কৰিবলৈ সাজু নহ’ব।

কেৰিয়াৰক লৈ চিক্স অৱ কপচ্ কাৰ্ডে ভাল সংকেত দিয়ে। এই কাৰ্ডখনে সৃষ্টিশীলতা, পাৰস্পৰিক সহযোগ আৰু দয়াৱান গুণক নিৰ্দেশ দিয়ে। এই কাৰ্ডখনৰ অৰ্থ হৈছে যে আপুনি সৃষ্টিশীল বা এনে কামত জড়িত হ’ব পাৰে য’ত আপোনাৰ সহযোগিতা জৰুৰী হ’ব। এই কাৰ্ডখনে শিশু আৰু যুৱকসকলৰ সৈতে কাম কৰাৰো সংকেত দিয়ে।

টু অৱ পেণ্টাকলচ কাৰ্ডখনে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক সূচিত কৰে। আগতে এই কাৰ্ডখনে সংকেত দিয়ে যে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ ৰখা উচিত।

ৰাশি অনুসৰি লাকী প্লাণ্ট: লিলি

সিংহ ৰাশি

প্ৰেম জীৱন: দ্য হাৰ্মিট

আৰ্থিক জীৱন: দ্য চেৰিয়ট

কেৰিয়াৰ: পে জ অৱ স্ৱৰডচ্

স্বাস্থ্য: ফাইৱ অৱ স্ৱৰডচ্

সিংহ ৰাশি ৰ জাতকসকলেটেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিদ্য হাৰ্মিট কাৰ্ডখন প্ৰেম জীৱনৰ বাবে প্ৰাপ্ত কৰিছে যাৰ মতে আপোনাৰ সম্মুখলৈ এনে কিছুমান সমস্যা আহিব পাৰে যি আপোনাৰ জীৱনলৈ বহুতো পৰিৱৰ্তন লৈ আহিব পাৰে।লাহে লাহে দুৰ্বল হৈ অহা ভেটিৰ বাবে আপোনাৰ আৰু সঙ্গীৰ সম্পৰ্ক দীৰ্ঘ সময় ধৰি চলি নাথাকিব পাৰে অথবা আপোনালোকৰ সম্পৰ্কলৈ ব্যৱধান আহিব পাৰে। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত নতুন অভিজ্ঞতা হোৱাৰ সম্ভাৱননা দেখাা যায়। অৱশ্যে, এই অভিজ্ঞতা যন্ত্ৰণাদায়ক হ’ব পাৰে। এই সময়খিনি জটিল হ’ব পাৰে কিন্তু মনত ৰাাখিব যে এই সময়ো পাৰ হৈ যাব। যদিহে আপুনি অকলশৰীয়া তেনেহ’লে কেৱল সম্পৰ্কক লৈয়েই নহয়, বৰঞ্চ আপোনাৰ বাবে প্ৰেমৰ অৰ্থ কি তাক লৈও আপোনাৰ দৃষ্টিকোণ সলনি হ’ব।

দ্য চেৰিয়ট কাৰ্ডখনে কয় যে এই সপ্তাহত আপুনি বুজি উঠিব যে কেনেদৰে আপুনি নিজৰ ধন বৃদ্ধি কৰিব আৰু সঞ্চয় কৰিব পাৰিব আৰু আপুনি এই ক্ষেত্ৰত কাম কৰাটো আৰম্ব কৰি দিব। ধনৰ ক্ষেত্ৰত আপোনাৰ মনলৈ নেতিবাচক চিন্তা আহিব পাৰে কিন্তু আপুনি এই কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব যে নেতিবাচক চিন্তাই যাতে আপোনাক সসমস্যাত নেপেলায়।

পে’জ অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে এই সময়খিনিত আপুনি নিজৰ কামক লৈ নতুন চিন্তা আৰু উৎসাহেৰে পৰিপূৰ্ণ হ’ব। এই কাৰ্ড অনুসৰি আপুনি কোনো বস্তুৰ প্ৰশিক্ষণ বা নতুন অভিজ্ঞতা গ্ৰহণ কৰিব পাৰে। ইয়াৰ মতে আপুনি কোনো প্ৰশিক্ষণ ল’ব পাৰে, কোনো বিষয়ৰ অধ্যয়ন কৰিব পাৰে বা কেৰিয়াৰৰ বাবে নতুন পথৰ বাছনি কৰিব পাৰে।

স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে আপুনি ফাইৱ অৱ স্ৱৰডচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে এতিয়া আপুনি যুঁজি যুঁজি ভাগৰি পৰা যেন অনুভৱ কৰিব পাৰে সেয়েহে আপুনি এতিয়া নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ ৰখাটো যথেষ্ট জৰুৰী। আপুনি এতিয়া যিবোৰ সমস্যাৰ সম্মুখীন হৈছে বা হৈ আহিছে তাৰ বাবে আপোনাৰ ভিতৰৰ উদ্যম এতিয়া নাইকিয়া হৈ পৰিব পাৰে।

ৰাশি অনুসৰি লাকী প্লাণ্ট: জেড

কন্যা ৰাশি

প্ৰেম জীৱন: নাইট অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: টু অৱ কপচ্

কেৰিয়াৰ: থ্ৰী অৱ স্ৱৰডচ্

স্বাস্থ্য: থ্ৰী অৱ ৱেণ্ডচ্

প্ৰেমৰ ক্ষেত্ৰত নাইট অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে আপোনাৰ সঙ্গী আপোনাতকৈ অধিক প্ৰভাৱশালী হ’ব পাৰে আৰু আপোনালোক দুয়োৰে ব্যক্তিত্বৰ মাজত যি পাৰ্থক্য আছে তাৰ বাবে আপোনালোকৰ সম্পৰ্কত দুয়োৰে মাজত অসন্তুলন আহি পৰিব পাৰে। জীৱনসঙ্গীৰ অত্যাধিক দাবী কৰাৰ ফলস্বৰূপে আপোনাৰ বাবে তেওঁৰ সৈতে সম্পৰ্কত থকাটো অসুবিধাজনক হৈ পৰিব। আপুনি তেওঁৰ সৈতে কথা পাতি সমস্যাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰা উচিত।

আৰ্থিক স্তৰত আপুনি টু অৱ কপচ্ কাৰ্ডখন লাভ কৰিছে যি নিৰপেক্ষতা আৰু সন্তুলনক দৰ্শায়। এই কাৰ্ড অনুসৰি এই সপ্তাহত আপুনি নিজৰ টকা-পইচা চম্ভালিবলৈ সক্ষম হ’ব আৰু আপোনাৰ ওচৰত নিজৰ দায়িত্বসমূহ পূৰণ কৰিবৰ বাবে পৰ্যাপ্ত ধন থাকিব।

এই সময়খিনি আপোনাৰ বাবে চাপ, বিৰক্তি আৰু নিৰাশাৰ কাৰণ হ’ব পাৰে। এই কাৰ্ডখনৰ মতে আকস্মিকভাৱে আপোনাৰ চাকৰি যাব পাৰে বা আপোনাৰ ব্যৱসায় ডুবিব পাৰে। ইয়াৰ উপৰিও এই কাৰ্ডখনে কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ক্লায়েণ্টৰ সৈতে কোনো কথাক লৈ অসহমতিৰ সংকেত দিয়ে। আপুনি নিজৰ সহকৰ্মীসকলৰ সৈতে খোলাখোলিকৈ আৰু ভলদৰে কথা পতা উচিত আৰু নিজৰ ব্যৱহাৰ বিনম্ৰ কৰি ৰখা উচিত। আপুনি তেওঁলোকৰপৰা আৰু তেওঁলোকে আপোনাৰপৰা বহু কিবাকিবি শিকিবলৈ পাব পাৰে।

থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনৰ মতে আপুনি দূৰদৰ্শী হোৱা উচিত, নিজৰ সুখ-সুবিধা ত্যাগ কৰি বাহিৰলৈ অহা উচিত আৰু সমস্যাৰ সম্মুখীন হোৱা উচিত। এই কাৰ্ডখনে কয় যে আপুনি সম্পূৰ্ণ আত্মবিশ্বাস, উদ্দেশ্য আৰু নিষ্ঠাৰে আপোনাৰ আগন্তুক ভৱিষ্যতৰ সম্মুখীন হোৱা উচিত।

ৰাশি অনুসৰি লাকী প্লাণ্ট: টাচ্-মা-নট্

তুলা ৰাশি

প্ৰেম জীৱন: দ্য হীৰ’ফেণ্ট

আৰ্থিক জীৱন: দ্য লাভাৰ্চ

কেৰিয়াৰ: জাজমেণ্ট

স্বাস্থ্য: জাষ্টিচ

প্ৰেম জীৱনত দ্য হীৰ’ফেণ্ট কাৰ্ডখনে সূচিত কৰে যে ধৰ্মই ৰোমাণ্টিক সম্পৰ্ত আৰু জীৱনসঙ্গী বাছনি কৰাত প্ৰভাৱ পেলাব পাৰে। প্ৰেম জীৱনত এই কাৰ্ডখনে আধ্যাত্মিক দৃষ্টিকোণক দৰ্শায় আৰু এয়া মনত পেলাব পাৰে যে আমি আমাৰ জীৱনসঙ্গীৰ সৈতে সন্মান আৰু নৈতিকতাৰে আচৰণ কৰা উচিত। কেতিয়াবা কেতিয়াবা এই কাৰ্ডখনে বিবাহৰো সংকেত দিয়ে।

দ্য লাভাৰ্চ কাৰ্ডখনে ধনৰ সৈতে জড়িত সিদ্ধান্তসমূহৰ সংকেত দিয়ে। আপুনি দুটা ডাঙৰ বা গুৰুত্বপূৰ্ণ ব্যয়ৰ মাজৰপৰা যিকোনো এটাৰ বানি কৰিবলগীয়া হ’ব পাৰে কাৰণ দুয়োটাকে চম্ভালাটো আপোনাৰ বাবে জটিল হ’ব পাৰে। আপোনাৰ সিদ্ধান্তৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক স্থিতি দীৰ্ঘ সময় ধৰি প্ৰভাৱিত হ’ব। আপুনি নিজৰ কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ সৈতে মিলি সহযোগ বা আংশীদাৰিত্বত কাম কৰিব পাৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত দ্য জাজমেণ্ট কাৰ্ডখনে সাধাৰণতে কোনো ডাঙৰ পৰিৱৰ্তন বা নতন আৰম্ভণিক সূচিত কৰে। আপুনি পদোন্নতি লাভ কৰিব পাৰে বা নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে অথবা আপুনি নিজৰ কেৰিয়াৰৰ সালসলনি কৰিব পাৰে। এই কাৰ্ডখনে আপোনাৰ নিজৰ মনৰ কথা শুনিবলৈ আৰু এই নতুন সময়খিনিৰ সৈতে সাহসেৰে মোকাবিলা কৰিবলৈ উৎসাহিত কৰে।

সাধাৰণতে দ্য জাষ্টিচ কাৰ্ডখনে সংযম আৰু সন্তুলনৰ প্ৰয়োজনীয়তাক সূচিত কৰে।টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি এই কাৰ্ডখনৰ মতে আপুনি স্বাস্থ্যকৰ জীৱনশৈলী আঁকোৱালি লোৱা উচিত আৰু যিকোনো কাম অতি বেছি কৰাটো উচিত নহয়। ইয়াৰ উপৰিও আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি দায়িত্বশীল হোৱাৰ প্ৰয়োজন। এই কাৰ্ডখনে আপোনাৰ বৰ্তমানৰ জীৱনশৈলীত যিকোনো ধৰণৰ অসন্তুলন ঠিক কৰাৰ পৰামৰ্শ প্ৰদান কৰে।

ৰাশি অনসৰি লাকী প্লাণ্ট: চীজ প্লাণ্ট

বৃশ্চিক ৰাশি

প্ৰেম জীৱন: থ্ৰী অৱ কপচ্

আৰ্থিক জীৱন: টু অৱ ৱেণ্ডচ্

কেৰিয়াৰ: ফ’ৰ অৱ পেণ্টাকলচ্

স্বাস্থ্য: থ্ৰী অৱ স্ৱৰ্ডচ্ (ৰিভাৰ্চড্)

টেৰ’ লাভ ৰীডিঙত থ্ৰী অৱ কপচ্ কাৰ্ডখনে উৎসৱ, সম্পৰ্ক আৰু পুণৰ্মিলনক সূচিত কৰে। আপোনাৰ কোনো ঘনিষ্ঠ বন্ধু বা বান্ধৱীৰ সৈতে আপোনাৰ প্ৰেম হ’ব পাৰে। যদিহে আপুনি আৰু আপোনাৰ জীৱনসঙ্গী পূৰ্বৰেপৰাই একত্ৰিত হৈ আছে, তেনেহ’লে সামাজিক কাৰ্য্যত অংশগ্ৰহণ কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী বা গভীৰ হ’ব।

টু অৱ ৱেণ্ডচ্ কাৰ্ডখনে সাধাৰণতে দীৰ্ঘকালীন বিত্তীয় পৰিকল্পনাত মনোযোগ দিয়াৰ, বিনিয়োগৰ নতুন সুযোগৰ সন্ধান কৰাৰ আৰু ভৱিষ্যতৰ নিজৰ লক্ষ্যৰ প্ৰতি কল্পনাশীল তথা উচ্চাকাংক্ষী হৈ ভবাৰ সংকেত দিয়ে। এই কাৰ্ডখনে আপোনাক নিজৰ বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু বিত্তীয় স্থিৰতা প্ৰাপ্ত কৰিবৰ বাবে ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।

ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখনে কেৰিয়াৰত বিপদাশংকা গ্ৰহণ কৰাৰপৰা বাচি থকাৰ প্ৰবৃত্তি বা স্থিৰতা আৰু সাৱধানেৰে আগবঢ়াক সূচিত কৰে। এই কাৰ্ডখন ইনভাৰ্টেড আহিলে কাৰ্ডখনে ৰণনীতি সলনি কৰাৰ বা পইচাৰ ক্ষেত্ৰত গুৰুত্বহীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ সংকেত দিয়ে।

স্বাস্থ্যৰ দিশত আপুনি থ্ৰী অৱ স্ৱৰডচ্ কাৰ্ড লাভ কৰিছে যি ইনভাৰ্টেড আহিলে নিৰাশাৰপৰা পৰিত্ৰাণ লাভ কৰাৰ, আশাবাদী হোৱাৰ আৰু উপচাৰৰ দিশত আগবঢ়াৰ সংকেত দিয়ে। এই কাৰ্ডখনে কয় যে আপুনি উপচাৰৰ প্ৰক্ৰিয়াত আশাৰ সন্ধান কৰিব লাগে আৰু নিজৰ দুখ ত্যাগ কৰিব লাগে।

ৰাশি অনুসৰি লাকী প্লাণ্ট: স্নে’ক

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

ধনু ৰাশি

প্ৰেম জীৱন: এচ অৱ কপচ্

আৰ্থিক জীৱন: নাইট অৱ কপচ্

কেৰিয়াৰ: ফ’ৰ অৱ কপচ্

স্বাস্থ্য: ফাইৱ অৱ পেণ্টাকলচ্

ধনু ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত এচ অৱ কপচ্ কাৰ্ড লাভ কৰিছে যি হৈে প্ৰেম, অন্তৰংগতা, আৱেগ আৰু কৰুণাৰ প্ৰতীক। এই কাৰ্ডখনে প্ৰেম জীৱনত এক নতুন আৰম্ভণিক সূচিত কৰে। আপুনি কোনো নতুন সম্পৰ্কৰ আৰম্ভণি কৰিব পাৰে অথবা যদিহে আপুনি পূৰ্বৰেপৰাই প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত অন্তৰংগতা বৃদ্ধি হ’ব পাৰে।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিবিত্তীয় জীৱনত নাইট অৱ কপচ্ কাৰ্ডখন হৈছে এক শুভ সংকেত। আপুনি ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বাবে পৰিস্থিতি ভাল হ’ব পাৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ আৰ্থিক সমস্যাসমূহৰ সমাধান সৃষ্টিশীলভাৱে উলিয়াব পাৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি ফ’ৰ অৱ কপচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যাৰ মতে আপুনি নিজৰ বৰ্তমানৰ স্থিতিক লৈ অসন্তুষ্ট, বিৰক্তি বা গতিহীন অনুভৱ কৰিব পাৰে। নিজকে আনৰ সৈতে তুলনা কৰাৰ বাবে আৰু তেওঁলোকৰ উন্নতিক লৈ ঈৰ্ষা কৰাৰ বাবে এনে হ’ব পাৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ বৰ্তমানৰ স্থিতিৰ সৈতে জড়িত ইতিবাচক দিশবোৰক উপেক্ষা কৰিছে। যদিহে আপুনি নিজৰ বৰ্তমানৰ স্থিতিক লৈ সন্তুষ্টি অনুভৱ কৰিব বিচাৰে তেনেহ’লে আপুনি নিজৰ দৃষ্টিভংগী সলনি কৰিব লাগিব অথবা আপুনি নিজৰ লক্ষ্য অনুসৰি উন্নত আৰু নতুন সুযেগৰ সন্ধান কৰিব লাগিব।

স্বাস্থ্যৰ দিশৰপৰা আপুনি আপৰাইট ফাইৱ অৱ পেণ্টাকলচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি অৱগত কৰে যে এই সময়খিনিত আপুনি একাকীত্ব বা অৱসাদ অনুভৱ কৰিব পাৰে। ইয়াৰ লগতে আপোনাৰ মনত নেতিবাচক চিন্তাৰ উদয় হ’ব পাৰে। আনফালে, ফাইৱ অৱ পেণ্টাকলচ্ কাৰ্ডখন ৰিভাৰ্চড্ আহিলে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক বিকাশৰ সংকেত প্ৰদান কৰে।

ৰাশি অনুসৰি লাকী প্লাণ্ট: মানী প্লাণ্ট

মকৰ ৰাশি

প্ৰেম জীৱন: এট অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: দ্য মেজিচিয়ান

কেৰিয়াৰ: চেভেন অৱ স্ৱৰডচ্ (ৰিভাৰ্চড্)

স্বাস্থ্য: ফাইৱ অৱ ৱেণ্ডচ্

মকৰ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰিছে এট অৱ ৱেণ্ডচ্ কাৰ্ড যি সম্পৰ্কত উদ্যম আৰু ৰোমাঞ্চক সূচিত কৰে। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে আপুনি এইখিনি সময়ত নিজৰ সম্পৰ্কত ৰোমাঞ্চ, অত্যাধিক আৱেগ আৰু প্ৰেমৰ অনুভৱ কৰিব। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ অন্তৰংগতা বৃদ্ধি পাব আৰু আপোনালোক দুয়োৰে মাজৰ আকৰ্ষণ বৃদ্ধি পাব পাৰে অথবা আপুনি বন্ধৰ দিনত ৰোমাঞ্চ কৰাৰ সুযোগ লাভ কৰিব পাৰে।

দ্য মেজিচিয়ান কাৰ্ডখনৰ মতে আপুনি আৰ্থিক দিশৰ ক্ষেত্ৰত সৃষ্টিশীল হৈ ভবাৰ প্ৰয়োজন আছে। ইয়াৰ লগতে আপুনি আয় বৃদ্ধিৰ সুযোগ লাভ কৰিব পাৰে। এই কাৰ্ডখনে এই কথাৰো সংকেত প্ৰদান কৰে যে আপুনি বৃত্তিগতভাৱে সফল হ’ব পাৰিব অথবা অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিআপুনি নিজৰ কৰ্মক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’ব পাৰে। কাৰ্য্যালয়ত চলি থকা ৰাজনীতিৰ বাবে আপুনি নিজৰ কোম্পানী সলাবলগীয়া হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপোনাৰ প্ৰতিদ্বন্দীয়ে আপোনাৰ উৎপাদনৰ বিষয়ে অপপ্ৰচাৰ কৰিব পাৰে বা আপোনাৰ নৈতিক মূল্যবোধ সম্পৰ্কে ভুলকৈ ক’ব পাৰে। আপুনি এনে পৰিস্থিতিত মূৰ দাঙি পৰিপক্কভাৱে কাম কৰি যোৱা উচিত।

ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখন হৈছে কোনো বেমাৰৰপৰা পৰিত্ৰাণ পোৱা বা তাক দূৰ কৰাৰ প্ৰতীক। এই কাৰ্ডখনে এই কথাৰ সংকেত দিয়ে যে আপুনি নিজৰ চাপৰ স্তৰ কম কৰি ৰখা উচিত অন্যথা আপোনাৰ চাপৰ সৈতে জড়িত সমস্যা যেনে উচ্চ ৰক্তচাপ আদি হ’ব পাৰে। কাজিয়া বা খেল-ধেমালিৰ সময়ত আপুনি আঘাতপ্ৰাপ্ত হ’ব পাৰে।

ৰাশি অনুসৰি লাকী প্লাণ্ট: ড্ৰেচিনা

কুম্ভ ৰাশি

প্ৰেম জীৱন: দ্য লাভাৰ্চ

আৰ্থিক জীৱন: দ্য এম্পেৰৰ

কেৰিয়াৰ: কিং অৱ কপচ্

স্বাস্থ্য: ফ’ৰ অৱ স্ৱৰডচ্

কুম্ভ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত দ্য লাভাৰ্চ কাৰ্ড লাভ কৰিছে যি এক শুভ সংকেত কিন্তু এই কাৰ্ডখনৰ মতে আপোনাৰ সম্মুখত এনে কিছুমান অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্বৱ হ’ব পাৰে যাৰ ফলত আপোনাৰ সম্পৰ্কই পৰীক্ষা দিবলগীয়া হ’ব পাৰে। নিজৰ সম্পৰ্কক আগবঢ়াই নিয়াটো আপোনাৰ বাবে বোজা যেন অনুভৱ হ’ব পাৰে। অৱশ্যে, যদিহে আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে বুজাবুজি আৰু মিলা-মিছা কৰি চলে তেনেহ’লে আপোনালোক এই সমস্যাৰপৰা ওলাই আহিব পাৰিব।

দ্য এম্পেৰৰ কাৰ্ডখনে কয় যে আপুনি এই সপ্তাহত টকা-পইচা সংযম, অনুশাসন আৰু দায়িত্বশীলভালে পৰিচালনা কৰা উচিত। আপুনি স্পষ্টভাৱে জানিব যে আপোনাৰ পইচা ক’ত খৰচ হৈছে। আপুনি বাজেট প্ৰস্তুত কৰি সেইমতে চলিব আৰু সময়ে সময়ে নিজৰ বিত্তীয় স্থিতিৰ সমীক্ষা কৰিব। যেতিয়ালৈকে আপুনি সন্তুলন বৰ্তাই ৰাখে তেতিয়ালৈকে আপোনাৰ আৰ্থিক স্থিতি অনুকূল হৈ থাকিব।

টেৰ’ কাৰ্ড ৰিডীঙত কিং অৱ কপচ্ কাৰ্ডখনে কয় যে সফলতা লাভ কৰিবৰ বাবে আপুনি আৱেগিকভাৱে শক্তিশালী হোৱাৰ আৰু কৌশলী আচৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। এই কাৰ্ডখনে এয়াও কয় যে কোনো অভিজ্ঞতাসম্পন্ন ব্যক্তিয়ে আপোনাৰ কেৰিয়াৰৰ সম্পৰ্কত পৰামৰ্শ দিব পাৰে।

ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখনে সাধাৰণতে আৰাম-বিৰাম আৰু বেমাৰৰপৰা উপশম পোৱাক সূচিত কৰে। এই কাৰ্ডখনে অৱগত কৰে যে আপুনি নিজৰ প্ৰতি যত্নৱান হোৱা উচিত আৰু মানসিক তথা শাৰীৰিকভাৱে স্বাস্থ্যৱান হৈ থাকিবৰ বাবে ব্যস্ত জীৱনশৈলীৰপৰা মাজে মাজে অৱসৰ লোৱা উচিত।

ৰাশি অনুসৰি লাকী প্লাণ্ট: এল’কেচিয়া

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

মীন ৰাশি

প্ৰেম জীৱন: ফাইৱ অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: দ্য ৱৰ্ল্ড

কেৰিয়াৰ: দ্য চান

স্বাস্থ্য: টেম্পৰেন্স

এই সপ্তাহত মীন ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনৰ ক্ষেত্ৰত লাভ কৰিছে ফাইৱ অৱ স্ৱৰডচ্ কাৰ্ড যি জটিলতাৰ পিছত অহা সকাহৰ সংকেত দিয়ে। আপুনি আৰু আপোনাৰ সঙ্গীয়ে নিজৰ মতভেদবোৰ পাহৰি বুজাপৰা কৰিব পাৰিব। আপোনালোক দুয়োৱে আগলৈ আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল’ব পাৰে কিন্তু পুৰণি ঘাঁয়ে এতিয়াও যন্ত্ৰণা দিব পাৰিব। কেতিয়াবা কেতিয়াবা এই কাৰ্ডখনে এই কথাৰো সংকেত দিয়ে যে যদিহে সমাধান সম্ভৱ নহয়, তেনেহ’লে সঙ্গী আৰু সম্পৰ্ক ত্যাগ কৰাটোৱেই ভাল হ’ব।

দ্য ৱৰ্ল্ড কাৰ্ডখন আপৰাইট অহাটোৱে আৰ্থিক জীৱনৰ কোনো অভিজ্ঞতা আৰু আৰ্থিক স্থিৰতাৰ সংকেত দিয়ে। আপুনি নিজৰ অভিজ্ঞতাক লৈ গৌৰৱ কৰিব পাৰে আৰু আপুনি আৰ্থিকভাৱে সুৰক্ষিত হোৱাৰ বাবে সন্তুষ্ট অনুভৱ কৰিব। এই কাৰ্ডখনে ধন-সম্পত্তিতকৈও ওপৰৰ সন্তুষ্টি লাভ কৰাৰ মহত্বৰ ওপৰত অধিক জোৰ দিয়ে।

দ্য চান কাৰ্ডখন হৈছে কেৰিয়াৰৰ ক্ষেত্ৰত আনন্দ, আশা আৰু সফলতাৰ প্ৰতীক। এই সময়খিনিত আপুনি নিজৰ কামক লৈ অনুপ্ৰাণিত, উৎসাহিত আৰু সন্তুষ্ট অনুভৱ কৰিব। আপুনি নিজৰ কামত ভৌতিক আৰু আধ্যাত্মিক সন্তুষ্টি দুয়োটাই লাভ কৰিব পাৰে। আপোনাৰ প্ৰসন্নতা আৰু ইতিবাচকতাই আপোনাৰ চৌপাশৰ লোকসকল আৰু সহকৰ্মীসকলৰ বাবে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপুনি যদিহে নতুন চাকৰি বিচাৰি আছে বা পদোন্নতিৰ বাবে প্ৰতীক্ষা কৰি আছে তেনেহ’লে ইতিবাচক দৃষ্টিকোণ ৰাখিলে আপুনি নিজৰ কৰ্মক্ষেত্ৰত লক্ষ্যসমূহ প্ৰাপ্ত কৰাত অধিক সহায়ক হ’ব।

স্বাস্থ্যৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতকসকলে দ্য টেম্পৰেন্স কাৰ্ড লাভ কৰিছে যি জীৱনশৈলীলৈ সন্তুলন অনা আৰু সংযমৰ প্ৰয়োজনীয়তাক সূচিত কৰে। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ খোৱা-বোৱা, ব্যায়াম আৰু নিজৰ প্ৰতি যত্নৱান হৈ থকাৰ ক্ষেত্ৰত সন্তুলন ৰক্ষা কৰি উত্তম স্বাস্থ্য লাভ কৰিব পাৰিব। এই কাৰ্ডখেন এয়াও কয় যে আপুনি যিকোনো কথাতে অতি বেছি কৰাটো ভাল নহয় আৰু নিজৰ মন তথা শৰীৰ স্বাস্থ্যৱান কৰি ৰখাৰ প্ৰতি মনোযোগ দিয়া উচিত।

ৰাশি অনুসৰি লাকী প্লাণ্ট: ৱাটাৰ ফাৰ্ণ

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

সঘনাই সোধা প্ৰশ্ন

1. টেৰ’ সকলো বয়সৰ মানুহৰ বাবে উপযুক্ত নে?

হয়, কিন্তু 18 বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালীক নিজৰ পিতৃ-মাতৃৰ সহযোগিতাৰ আৱশ্যক হ’ব পাৰে।

2. নৈতিকভাৱে টেৰ’ সঠিক নে?

দিব্য জ্ঞানৰ ৰূপত টেৰ’ৰ প্ৰয়োগ কৰিলে, ই নৈতিক হয় কিন্তু ইয়াৰ প্ৰয়োগ কৰা ৰীডাৰগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে যে ইয়াক যাতে অনৈতিক কাৰ্য্যৰ বাবে প্ৰয়োগ কৰা নহয়।

3. টেৰ’ই ভৱিষ্যতৰ বিষয়ে সঠিককৈ কয় নে

হয়, যদিহে ৰীডাৰগৰাকী অভিজ্ঞতাসম্পন্ন হয় তেতিয়াহ’লে ইয়াৰ ভৱিষ্যতবাণীও সঠিক হয়।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer