অংক জ্যোতিষ (12 জানুৱাৰী - 18 জানুৱাৰী, 2025)

কেনেদৰে জানিব নিজৰ মুখ্য অংক (মূলাংক)?

অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।

অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল

এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য

নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (12 জানুৱাৰীৰপৰা 18 জানুৱাৰী 2025)

আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।

যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)

এই মূলাংকৰ জাতকসকল সময়ক লৈ সদায় জাগ্ৰত হৈ থাকে আৰু সময় অনুসৰি কাম কৰিবলৈ পছন্দ কৰে। এওঁলোক নিজস্ব লক্ষ্যক লৈ যথেষ্ট সচেতন হয় আৰু সেই লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা কৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে ঘূৰাই-পকাই কথা কোৱাতকৈ পোণপটীয়া কথা পাতিবলৈ পছন্দ কৰিব। এই সময়খিনিত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সকলোতকৈ ইতিবাচক দৃষ্টিভংগী ৰাখিব।

শিক্ষা: শিক্ষাৰ্থীসকলে এই সপ্তাহত বৃত্তিগত পাঠ্যক্ৰমত ভাল প্ৰদৰ্শন কৰিব। মেৰীন ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিঙৰ দৰে বিষয়ত উৎকৃষ্টতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে সিদ্ধান্ত অনুসৰি কাম কৰিবলৈ পছন্দ কৰিব আৰু কামবোৰ নিপুণতাৰে কৰিব। এওঁলোক অংশীদাৰিত্বৰদ্বাৰা লাভাম্বিত হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ভিতৰত উৎসাহ আৰু উদ্যম বৃদ্ধি হোৱাৰ বাবে এনে হ’ব পাৰে। ইয়াৰ বাহিৰেও আপুনি যোগ আৰু ধ্যানৰদ্বাৰা লাভাম্বিত হ’ব পাৰিব।

উপায়: আপুনি দৈনিক 19 বাৰ 'ঔঁ ভাস্কৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছিল)

এই মূলাংকৰ লোকসকল গৱেষণাৰ প্ৰতি উৎসুক হয় আৰু এই দিশতেই আগবাঢ়ি যাব পাৰে। এইসকল লোক যাত্ৰা কৰিবৰ বাবেও অধিক উৎসাহিত হৈ থাকে আৰু ইয়াৰ আনন্দ উপভোগ কৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সঙ্গীৰ সম্মুখত নিজৰ মনৰ কথা বিনাদ্বিধাই প্ৰকাশ কৰিব পাৰিব আৰু ইয়াৰ ফলস্বৰূপে জীৱনসঙ্গীৰ সৈতে নিঃসংকোচে আগবাঢ়ি যাব।

শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে বৃত্তিগত পাঠ্যক্ৰম যেনে মেৰীন ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিঙৰ দৰে বিষয়ত উৎকৃষ্টতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। আপুনি নিজৰ বুদ্ধিৰ বলত এনে কৰিব পাৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এই সপ্তাহত নিজৰ কামসমূহ দায়ৱদ্ধতা আৰু বৃত্তিগতভাৱে কৰাৰ ফলত লাভ আৰু ইণটেণ্টিভ প্ৰাপ্ত কৰিব পাৰিব। আনহাতে ব্যৱসায়ীসকলে এই সময়খিনিত নিজৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব।

স্বাস্থ্য: মূলাংক 2 ৰ জাতকসকলৰ এই সপ্তাহত ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট শক্তিশালী হৈ থাকিব। ইয়াৰ বাবে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। আপোনাৰ ভিতৰত উদ্যম আৰু সাহস থকাৰ বাবে এনে হ’ব। আপুনি ধ্যান আৰু যোগৰ জৰিয়তে উত্তম স্বাস্থ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

উপায়: সোমবাৰে চন্দ্ৰমাৰ বাবে পূজা কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছিল)

এই মূলাংকৰ জাতকসকল অধিক আধ্যাত্মিক প্ৰকৃতিৰ হয় আৰু তেওঁলোকে আধ্যাত্মিক কাৰ্য্যত অধিক মনোনিৱেশ কৰে। তেওঁলোক খোলা চিন্তাৰ হয় আৰু যিয়েই কৰে তাৰ বাবে ডাঙৰকৈ ভাবে।

প্ৰেম জীৱন: এই সময়খিনিত আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি বিশ্বাসভাজন হৈ থাকিব আৰু এনেদৰে আপোনালোক দুয়োৰে মাজৰ প্ৰেম-ভালপোৱা বৃদ্ধি পাব। আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সুখী হ’ব।

শিক্ষা: বৃত্তিগত পাঠ্যক্ৰমত বিজনেছ মেনেজমেণ্ট, এডভান্স ষ্টেটিক্টিক্স আদি বিষয় আপোনাৰ বাবে ভাল হ’ব। আপুনি ভাল নম্বৰ পাবলৈ আৰু নিজৰ দক্ষতা প্ৰমাণিত কৰিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগে আপোনাক সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰাত সহায় কৰিব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক অংশীদাৰৰ সম্পূৰ্ণ সহযোগ লাভ কৰিব আৰু তেওঁলোকৰ জৰিয়তে ব্যৱসায়ৰ ক্ষেত্ৰত অধিক সুযোগ লাভ কৰিব পাৰে তথা অধিক লাভালাভ প্ৰাপ্ত কৰিব পাৰিব।

স্বাস্থ্য: আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ বাবে এই সপ্তাহত আপোনাৰ স্বাস্থ্যও ভাল থাকিব। ইয়াৰ উপৰিও আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থকাৰ কাৰণে আপুনি লাভাম্বিত হ’ব।

উপায়: আপুনি দৈনিক 21 বাৰ 'ঔঁ গুৰুৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছিল)

এই মূলাংকৰ জাতকসকল অধিক আৱেগিক হয় আৰু ইয়াৰ আধঝাৰতেই নিজৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰে।

প্ৰেম জীৱন: এই সপ্তাহত পাৰস্পৰিক মিলা-মিছাৰ অভাৱৰ বাবে আপুনি নিজৰ পাৰ্টনাৰৰ সৈতে আনন্দময় সময় উপভোগ কৰাৰ সুযোগ নাপাব। আপোনালোক দুয়োৰে মাজত যুক্তি-তৰ্ক হোৱাৰ আশংকা কৰা হৈছে। এই কাৰণবশতঃ আপোনালোকৰ সম্পৰ্কলৈ তিক্ততা আহিব পাৰে।

শিক্ষা: শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰপৰা মনোযোগ বিচলিত হ’ব পাৰে আৰু সেইকাৰণে ভাল নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত অসমৰ্থ হ’ব পাৰে। একাগ্ৰতা কম হোৱাৰ বাবেও আপুনি পঢ়া-শুনাত পিছ পৰি থাকিব পাৰে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে কৰ্মক্ষেত্ৰত কামৰ হেঁচা অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কামৰ বোজা বৃদ্ধি পোৱাৰ বাবে আপুনি পিছ পৰি থাকিব পাৰে। এই কাৰণবশতঃ আপুনি উৎকৃষ্ট প্ৰদৰ্শন কৰাত বিফল হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে প্ৰতিদ্বন্দীসকলে আপোনাক পিছ পেলাব পাৰে, যাৰ ফলত আপুনি কম আজৰি সময় পাব।

স্বাস্থ্য: আপোনাৰ ভিতৰত সাহসৰ অভাৱ হ’ব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত দেখা যাব। এই সপ্তাহত আপোনাৰ ভিতৰত উদ্যমৰ অভাৱ দেখা যাব পাৰে। শক্তি কম হোৱাৰ কাৰণে আপুনি উচ্চ মানসিক চাপৰ সম্মুখীন হ’ব পাৰে।

উপায়: আপুনি দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' মন্ত্ৰ জপ কৰক।

এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছিল)

এই মূলাংকৰ জাতকসকলে নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰি প্ৰভাৱশালী সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত মনোযোগ দিয়ে। এই জাতকসকলে নিজৰ চেন্স অৱ হিউমাৰৰদ্বাৰা যথেষ্ট সহায় লাভ কৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ সম্পৰ্কলৈ তিক্ততা অহাৰ সম্ভাৱনা আছে। আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক দুৰ্বল হ’ব পাৰে। আপুনি নিজকে জীৱনসঙ্গীৰপৰা আতৰাই আনিব পাৰে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ সম্পৰ্কৰ ওপৰত পৰিব পাৰে।

শিক্ষা: পঢ়া-শুনাৰ ক্ষেত্ৰত এই সপ্তাহটো সিমান ভাল নহ’ব। আপুনি শিক্ষাৰ ক্ষেত্ৰত যি প্ৰয়াস কৰি আছে, তাত আপুনি সহজে সফলতা লাভ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও পঢ়া-শুনাৰপৰা মনোযোগ বিচলিত হ’ব পাৰে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকল নিজৰ জ্যেষ্ঠ্য বিষয়াসকলৰ সৈতে সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। এই কাৰণবশতঃ আপুনি কিছু চিন্তিত হ’ব পাৰে। আপুনি অধিক প্ৰয়াস কৰিব পাৰে কিন্তু আপোনাৰ প্ৰয়াস বা কামে স্বীকৃতি লাভ নকৰিব। আনফালে ব্যৱসায়ীসকল লাভ প্ৰাপ্ত কৰাত বিফল হ’ব পাৰে আৰু তেওঁলোকৰ বৰ্তমান অংশীদাৰৰ সৈতে সমস্যা আহিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ কাৰণে আপোনাৰ স্নায়ুৰ সৈতে সম্পৰ্কিত সমস্যা হ’ব পাৰে। মাজে মাজে আপোনাৰ পাচনৰ সৈতে জড়িত সমস্যাও হ’ব পাৰে।

উপায়: আপুনি দৈনিক 41 বাৰ 'ঔঁ নমো নাৰায়ণ' মন্ত্ৰ জপ কৰক।

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছিল)

এই মূলাংকৰ জাতকসকলৰ ৰসিকতা আৰু সৃষ্টিশীল কাৰ্য্যত অধিক ৰূচি থাকে। এই জাতকসকলে ফুৰা-চকা কৰি আৰু হাঁহি-ধেমালি কৰি ভাল পায়।

প্ৰেম জীৱন: এইসপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত মিলা-মিছাৰ অভাৱ হোৱাৰ কাৰণে আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত অসুখী হ’ব পাৰে। আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত ধৈৰ্য্য ধৰি চলিব লাগিব।

শিক্ষা: এই সপ্তাহত একাগ্ৰতাৰ অভাৱৰ বাবে পঢ়া-শুনাৰপৰা আপোনাৰ ধ্যান ভংগ হ’ব পাৰে। সেই কাৰণবশতঃ আপুনি পঢ়া-শুনাত ভালদৰে মন বহুৱাব নোৱাৰিব পাৰে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব নোৱাৰিব পাৰে। তাৰ বাবে আপুনি চিন্তাত পৰিব পাৰে। আনফালে ব্যৱসায়ীসকলৰো এই সপ্তাহত অধিক লোকচান হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ ছালৰ সৈতে সম্পৰ্কিত সমস্যা হ’ব পাৰে। আপোনাৰ এই সময়ত খজুৱতিৰ সমস্যা হ’ব পাৰে।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছিল)

এই মূলাংকৰ জাতকসকল দাৰ্শনিক প্ৰকৃতিৰ হয়। কেতিয়াবা কেতিয়াবা এইসকলল জাতকৰ মাজত ধৈৰ্য্যৰ অভাৱ হোৱা দেখা যায় আৰু ই তেওঁলোকৰ উন্নতিৰ পথত হেঙাৰ হিচাপে দেখা দিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ ৰ্প্ৰতি বিশ্বাসী হৈ থকাত অসমৰ্থ হ’ব। ইয়াৰ লগতে আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত অসুখী হ’ব পাৰে। আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ’ব পাৰে। সেইকাৰণে আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক দুৰ্বল হ’ব পাৰে।

শিক্ষা: ভাল নম্বৰ প্ৰাপ্ত কৰাত বিফল হোৱাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলে দিকভ্ৰান্ত অনুভৱ কৰিব পাৰে। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত অধিক মনোযোগ দিয়াৰ আৱশ্যকতা আছে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ কামত অসুখী অনুভৱ কৰিব পাৰে আৰু আপুনি এই সময়ত নিজৰ জ্যেষ্ঠ্য বিষয়াসকলৰ ক্ৰোধৰ চিকাৰ হ’ব পাৰে। আনফালে ব্যৱসায়ীসকলৰো অধি লোকচান হ’ব পাৰে। এই সপ্তাহত আপোনাৰ অধিক লাভ হোৱাৰ আশা কম দেখা গৈছে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ পাচনৰ সৈতে সম্পৰ্কিত সমস্যা হোৱাৰ সম্ভাৱনা দেখা গৈছে। ই আপোনাৰ বাবে বাধা হ’ব পাৰে। সেয়েহে আপুনি এই সময়ত স্বাস্থ্যক লৈ অধিক গম্ভীৰ হোৱাৰ প্ৰয়োজন আছে।

উপায়: আপুনি দৈনিক 43 বাৰ 'ঔঁ গং গণপতয়ে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে কামত অধিক মনোযোগ দিয়ে আৰু নিজৰ কামক যথেষ্ট গুৰুত্ব প্ৰদান কৰে। এই লোকসকল নিজৰ জীৱনত অধিক প্ৰতিশ্ৰুতিৱদ্ধ হৈ থাকে আৰু দৈনন্দিন কামসমূহো তেওঁলোকে পৰিকল্পিতভাৱে আৰু শ্যিড্যুল প্ৰস্তুত কৰি সম্পন্ন কৰে।

প্ৰেম জীৱন: আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি অধিক সুখী আৰু ইতিবাচকতাৰে পৰিপূৰ্ণ দৃষ্টিভংগী প্ৰদৰ্শন কৰিব পাৰে, আৰু সেয়া ব্যক্ত কৰাৰ আপোনাৰ ভংগী আৰু অধিক ইতিবাচক হ’ব পাৰে।

শিক্ষা: যদিহে আপুনি বৃত্তিগত পাঠ্যক্ৰম অধ্যয়ন কৰি আছে তেনেহ’লে এই সপ্তাহত আপুনি উৎকৃষ্টতা লাভ কৰিবৰ বাবে অধিক কষ্ট কৰাৰ, মনোযোগ কেন্দ্ৰিভূত কৰাৰ আৰু স্পষ্ট চিন্তাৰ সৈতে আগবঢ়াৰ প্ৰয়োজনীয়তা আছে। সফলতা লাভ কৰাৰ ইয়েই এটা পথ। কিন্তু যদিহে আপুনি পঢ়া-শুনাক লৈ প্ৰতিশ্ৰুতিৱদ্ধ তেন্তে আপুনি সফলতা লাভ কৰিবই।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে চাকৰিৰ নতুন সুযোগ লাভ কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব কিন্তু এই সুযোগ আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক প্ৰমাণিত হ’ব। ব্যৱসায়ীসকলে মধ্যমীয়া লাভ প্ৰাপ্ত কৰিব। ইয়াৰদ্বাৰা আপোনাৰ উদ্দেশ্য পূৰণ নহ’ব।

স্বাস্থ্য: আপোনাৰ এই সপ্তাহত ভৰি, কান্ধ আৰু উৰুৰ বিষৰ সমস্যা হ’ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে এনে হ’ব পাৰে।।

উপায়: আপুনি দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 9

(যদি আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছিল)

মূলাংক 9 ৰ জাতকসকলে কাৰ্য্য দ্ৰুততাৰে আৰু অধিক দক্ষতাৰে সম্পন্ন কৰে। এইসকল জাতক মাজে মাজে মুডী হয় আৰু এই কাৰণবশতঃ তেওঁলোকৰ হাতৰপৰা ভাল সুযোগ হেৰাই যাব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে ঘূৰাই-পকাই কথা কোৱাতকৈ পোণপটীয়া কথা পাতিবলৈ পছন্দ কৰিব। এই সময়খিনিত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে কথা-বতৰা আৰু বস্তুৰ আদান-প্ৰদান কৰি সুখী অনুভৱ কৰিব। ইয়াৰদ্বাৰা আপোনালোক দুয়োৰে সম্পৰ্ক শক্তিশালী হ’ব।

শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে অধিক বৃত্তিগত ধৰণে অধ্যয়ন কৰিব। আপুনি নিজৰ অধ্যয়নৰ প্ৰতি প্ৰতিজ্ঞাৱদ্ধ হৈ থাকিব আৰু ভালদৰে পঢ়া-শুনা কৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে সময়মতে সকলোবোৰ কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰিব যাৰ ফলত মানুহ আপোনাৰ ওপৰত সন্তুষ্ট হ’ব। ব্যৱসায়ীসকলে এই সপ্তাহত নিজৰ নেতৃত্ব দিয়াৰ গুণ প্ৰদৰ্শন কৰিব পাৰে। ব্যৱসায়ীসকলৰ নিজৰ ব্যৱসায়ৰ ওপৰত নিয়ন্ত্ৰণ থাকিব।

স্বাস্থ্য: সাহস আৰু শক্তিশালী প্ৰতিৰোধ ক্ষমতাৰ বাবে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এয়া আপোনাৰ ভিতৰত থকা উদ্যমৰ উচ্চ স্তৰৰ বাবে হ’ব পাৰে।

উপায়: আপুনি দৈনিক 27 বাৰ 'ঔঁ ভৌমায় নমঃ' মন্ত্ৰ জপ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

1. মূলাংক 6 ত কোন গ্ৰহৰ আধিপত্য থাকে?

মূলাংক 6 ৰ স্বামী হৈছে শুক্ৰ গ্ৰহ।

2. মূলাংক 3 ৰ স্বামী গ্ৰহ কি?

3 মূলাংকৰ স্বামী হৈছে বৃহস্পতি গ্ৰহ।

3. মূলাংক 2 ৰ জাতকসকল কেনে হয়?

এই লোকসকল আৱেগিক স্বভাৱৰ হয়।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer